তুমি নাথাকিলে....
![]() |
| TUMI NATHAKILE _ Assamese Poem |
তুমি নাথাকিলে এই পৰিৱেশৰ সৃষ্টি ক'ত ।
তুমি নাথাকিলে এই মায়াৰ অস্তিত্ব ক'ত ।।
তুমি নাথাকিলে এই জীৱনৰ অৰ্থ ক'ত ।
তুমি নাথাকিলে সুৰীয়া সুৰৰ ৰচনা ক'ত ।।
সেই জীৱন তোমাৰ অবিহনে সম্ভৱ ক'ত।
তোমাৰ লগত গঢ়া সপোনৰ বাস্তৱ ক'ত।।
তোমাৰ হাঁহিৰ সান্নিধ্যতাবোৰৰ মগ্ন ক'ত ।
সৰু সৰু ধেমালিৰে আনন্দিত হোৱা ৰং ক'ত ।।
সুকীয়া অনুভূতিৰ সান্নিধ্য ক'ত।
সূক্ষ্ম জীৱনটিৰ সৰলতা ক'ত।।
অস্থিৰ আত্মাৰ স্থিৰতা ক'ত ।
শান্তিময় স্থানৰ আকাংক্ষা ক’ত ।।


0 Comments