আকৌ নতুন প্ৰভাত হ'ব
![]() |
| Akou_notun_Provat_hobo_Assamese_poem |
নিজানৰ সেই নিশা
আহিছিল এজাক বতাহ
বতাহ জাক আছিল চেঁচা ।
বহিছিলোঁ প্ৰকৃতিৰ পৰশ লবলৈ
মই আৰু মোৰ ছায়া
বননীৰ কোমল দলিচাত।
সেই বতাহজাকে কঢ়িয়াই আনিছিল
কিন কিনিয়া বৰষুণ এজাক
প্ৰকৃতিক শীতল কৰিবলৈ।
বহুত চিন্তা আৰু ব্যস্ততাত থকা
মোৰ অশান্ত মন
জীপাল হৈছিল সেই ক্ষন্তেকত।
নিজানতে নাচি থকা
বননীৰ ঘাঁহবোৰে
আপোনপাহৰা হৈ হালিব ধৰিছিল।
কলা আকাশখনো
সেই দেখি পোহৰ বিয়পাইছিল
মেঘৰ সেই প্ৰকাণ্ড শব্দই মোক
এক উৎসাহ দিছিল।
চকুলু ভৰি উঠা মোৰ মনে
অতীতৰ স্মৃতিকে ৰোমণ্ঠন কৰি
পুনৰ গাই উঠিছিল
"আকৌ নতুন প্ৰভাত হ'ব!"


0 Comments