ফাগুন
![]() |
| Fagun_Assamese_poem |
যাব এ হ'ল ফাগুণ
নতুন নতুন অনুভূতিৰে
নতুন ভাব চিন্তাৰে
হিয়াৰ বাগিচাখনত
চেঁচা বতাহ এজাকে
মন - প্ৰাণ চুই গ'ল।
কিন্ কিনীয়া বৰষুণজাকে
নিজৰ আগমণৰ সুহুৰিয়ে
চোতাল- পথাৰ
জিপাল কৰিছে।
এই সানিধ্য ক্ষণত
মৌন হৈ আকাশৰ
সপ্ত ৰঙীন ৰামধেনুৰ
দলিচাখন দেখি
আপ্লুত হ'ল মোৰ মন।
শিমলু ফুলিছে
পলাশো ফুলিছে
কি যে মনোমোহা দৃশ্য।
সকলোকে কৰিছে
ফাগুনে বলিয়া
মোৰে কোনো ঠিকনা নাই।


0 Comments