সুমধুৰ কবিতা

 সুমধুৰ কবিতা





তুমিয়েইটো মোৰ জীৱনৰ

আশাভৰা এটি ছায়া,

স্বতঃস্ফুত ভাবে গঢ়ি উঠা

এটি সুমধুৰ কবিতা।


সেই কবিতাৰ ৰসৰ মায়াত

বিলীন হৈ মই,

হেৰাব বিচাৰিছোঁ মোৰ

প্ৰকৃত ঠিকনা ।


চকু থাকিও অন্ধ হ'ব বিচাৰিছোঁ

তোমাৰ মৰমৰ বান্ধোনত,

ভোগ কৰিব বিচাৰোঁ

প্ৰতিটো মূহুৰ্ত তোমাৰেই লগত।


আশা ভৰসা সকলো তুমি

মোৰ জীৱনৰ আপুৰুগীয়া সম্পদ,

তোমাতেই মই বিলীন হৈ

সাজিব বিচাৰোঁ এটি সৰু পজাঘৰ ।


Post a Comment

0 Comments