এটি নাম নোহোৱা কবিতা

এটি নাম নোহোৱা কবিতা

Eti_nam_nuhua_kobita



কিমান বিশাল হব

সেই সাগৰ খন,

যাৰ দলিচাত উটি গৈ

ইটো পাৰ পোৱাকৈ।


ক'ত' সপোন ভাহিব

কিজানি সেই পানীত,

য'ত বহুতৰ সপোন

লুকুৱাই ৰাখিছে সাঁচি।


কিজানি সেই নিমখীয় সোৱাদে

এক কাহিনী ৰাখিছে মনত‌,

সেই কাহিনী বিচাৰি হাবাথুৰি খাইছে

আকাশৰ কলিয়া ডাৱৰ।


মুক্ত হোৱা বতাহেও যেন

এক কিৰিলি মাৰি কয়,

জীৱন আধা বাটত এৰি

নাযাবি তেনেকৈ।


উভতিম বুলি ভাবিও চাগে

ৰাষ্টা নাপালে বিচাৰি,

ভয়ে ভয়ে চাগে কৰি পালে সি

নকৰিবলগীয়া কামটি।



#poem  retracked

Post a Comment

0 Comments