নিশাৰ নিজান আকাশ
![]() |
| Nixar Nijan Akash - Assamese Poem |
নিশাৰ নিজান আকাশৰ তলত
যেতিয়া আমি একেলগে বহিম ।
সেইক্ষণত প্ৰত্যক্ষ হয় থকা জোনেও
আমাৰ দুয়োৰ সম্পৰ্ক দেখি
আৰু উজ্জ্বলি উঠিব।
ক্ষন্তেকীয়া বতাহ এজাকে
ৰ'ব নোৱাৰি আমাৰ কাষ চাপিব।
বতাহ জাকৰ সুমধুৰ স্পৰ্শই
হিয়া দুখন আৰু গভীৰ কৰিব।
জিলিক মিলিককে জিলিকি থকা
তৰাবোৰৰো সংখ্যা আৰু বাঢ়িব।
তৰাবোৰক দেখি ধুমতৰাবোৰো
উলাসতে নাচিব।
নিস্তব্ধ পৰিৱেশত একো
নোকোৱাকৈ বহু কথা কম ।
ভাষাৰ অবিহনেই যেন
সেই কথাই চুই যাব তোমাৰ মন।
ম্লান আঁতৰাই অনা সেই
জোনৰ পোহৰবোৰে
তোমাক নতুন স্মৃতি গঢ়াত
সহায় কৰিব
আকাশৰ বুকুত লিখা এই
কবিতা সদায় আমাৰ
স্মৰণীয় হ'য় ৰ'ব।
#poem by Ankur


0 Comments