মোৰ আশা চৰাই হোৱা

মোৰ আশা চৰাই হোৱা

Mur_akha_sorai_hua-Assamese_poem



নীলা সেই আকাশখনত

উৰি থকা চৰাই হৈ

ঘূৰিব বিচাৰোঁ গোটেই জগতখন ।


সুখ দুখ পাহৰি

মনটোক নিজান কৰি

কটাব বিচাৰোঁ গোটেই জীৱন ।।


সংসাৰৰ মায়াৰ পৰা মুক্ত হৈ

পাহাৰে ভৈয়ামে উপস্থিত হৈ

থাকিব বিচাৰোঁ এটি চৰাইৰ ৰূপত ।


উৰি উৰি যাম দূৰনিলৈ 

চেঁচা বতাহ এজাকৰ লগত

বিলীন হম চিৰদিনলৈ সেই আকাশত  ।।


~ অংকুৰ


Post a Comment

0 Comments