ন ৰে লিখা কবিতা

'ন' ৰে লিখা কবিতা

No_re_likha_kobita



নিথৰ ৰাতিৰ

নিচুকনি গীত।

নমিতাই শুৱে

ন-বজাত ঠিক।।


নিগনীয়ে কাটিছে

নতুন চোলাযোৰ ।

নমিতাই চোলা দেখি কৰে

নানান হুলস্থুল ।।


নিচিন্ত মনেৰে শুইছে 

নবীন।

নাকেৰে বাজিছে

নতুন নতুন বীণ।।



নিৰিবিলি ৰাতিপুৱা

নিচা কৰে সি।

নিতেই গধূলি

নাচে ককাল ঘুৰাই সি।।


*এই কবিতাটো এটি শিশু কবিতা, ৰচনা কৰিছে অঙ্কুৰ দুৱৰা।

Post a Comment

0 Comments