ধিক্কাৰ এই জীৱন
ব্যৰ্থতাৰ জীৱনত সংগ্ৰামী হয়,
আগুৱাব খুজিছোঁ লাখুটি এডাল লয় ।
ৰদালিৰ চমকৰ আগে আগে মই,
যাবলগীয়া হৈ এখন বেলেগ পৃথিৱীলৈ ।
কাণ বিষ কৰা সেই গালি শুনি মই,
কটাবলগীয়া হৈ ওৰে দিনটো ৰয় ।
খাবলগীয়া হৈ আধা সিজা ভাত,
খবৰ লবলৈ কাৰো সময়ে নাই ।
সহজ সৰলতাৰ চিকাৰ হৈ,
ফাঁকীবাজে শেষ কৰিছেগৈ ।
প্ৰয়োজন সময়ত সহায় কৰি মই,
পৰি যাওঁ বিপাংকতে একো নজনাকৈ ।
ক্ষন্তেকীয়া মোহমায়াক খেদি খেদি মই,
গৈ পাওঁ কাল্পনিক ঠাই এখনলৈ ।
য'ত বিক্ৰী হয় মৰম আৰু চেনেহৰ নৈ,
অনুভূতিৰ অস্ত যাই তাত চিৰদিনলৈ ।
--------- ধিক্কাৰ এই জীৱন-----------
বিশেষ: এই কবিতাটো মই (অংকুৰ দুৱৰা) ২০২১ ত ৰচনা কৰিছিলোঁ, যেতিয়া মই বিশেষ কামৰ বাবে গুজৰাট যাব লগা হৈছিল। তাত মই এজন ল'ৰাৰ লগত চিনাকি হৈছিলো আৰু সেই ল'ৰাজন এটা গাড়ী বনোৱা ফেক্টৰীত কাম কৰিছিল। তাৰ যি বিৱৰণ আছিল সেয়াৰ ওপৰত আধাৰিত এই কবিতাটো।


0 Comments