সাগৰ
সাগৰৰ পাৰৰ পৰা অহা
এজাক বতাহে মোৰ
দেহ মন কপাই থৈ যায় ।
ঠিক সেইদৰে সপোনৰ
দলিছাখনে মোক মোৰ
বাস্তৱক হেৰুৱাই।
যিমান গভীৰ এই সাগৰখন
ঠিক সিমানেই কোমল
মোৰ এই অন্তৰখন
লুনীয়া এই পানীৰ সুৱাদ
যদিও ইয়াৰ আকৰ্ষণ মধুৰ
দেখিবলে মই ধুনীয়া নহ'লেও
নহয় মই কুৎসিত মনৰ
বাৰিষাৰ প্ৰথম সেই টোপালটো
সকলোলৈ আনন্দ আনে
মোৰ চকুৰ বৰষুণে কিন্তু মোক
বৰ বেয়াকৈ খেদে।
নিষ্ঠুৰ মায়াৰে ভৰা এই জীৱনত
সকলো যেন এটি ক্ষুদ্ৰ ধুলিকণা
যাৰ চাৰিওফালে চকুমেলিলেই
হেৰাই যাই মোৰ ঠিকনা।


0 Comments