স্তব্ধ আকাশ
![]() |
| Stobdho Aakash |
স্তব্ধ আকাশত মৌণ হৈ
ৰৈ থকা সেই জোনাকী হৈ,
শব্দহীন পৰিবেশেৰে
বিয়পাম জোনাকীৰ কিৰণ।
নিষ্ঠুৰ জীৱনৰ অংগি ভংগিমাত
মাতাল হৈ মায়াবিনী নিশাত,
ঘূৰি ফুৰা এক অঘৰী হৈ
ৰচিছো অলেশ সপোন।
নাই মোৰ ভয়,
নাই মোৰ ক্ৰোধ,
নাই এখন ঘৰ, নাই মই নিৰাপদ।
আছে যদি অকল সেই দুখন ভৰি,
যাৰ সহায়ত মই যাও দূৰ দুৰণি।
অহংকাৰী সেই লোকে
অসহায়ক খুলি খুলি খাই,
পাহৰি গৈছে লোভ কৰিলেযে পাপ হৈ
আৰু পাপে মৃত্যুকে বিচাৰি পাই।


0 Comments