নাৰী তুমি মহান
![]() |
| Naari_tumi_mohan-assamese_poem |
মৌন হৈ জন্ম লৈছিল তাই
তাইৰ কোনো পাপ নাছিল।
ভূল হৈছিল যদি এটায়ে
নাৰীৰ ৰূপত তাই জন্ম লৈছিল।।
বহুত প্ৰবঞ্চকৰ বলি হৈছিল তাই
কিন্তু কেতিয়াও নিজকে হাৰ মনা নাই।
নিজৰ পাৰদৰ্শিতা প্ৰদৰ্শনৰে
জীৱনটো জীয়াই থকাৰ প্ৰয়াস কৰিছে তাই।।
আপোনজনক এৰি পৰৰ ঘৰখন
শুৱনিৰে ৰাখিছে তাই।
ন-মাহ নিজৰ কোলাতে জন্ম লোৱা
শিশুটিৰ সকলো তাই।।
নিজৰ সম্পূৰ্ণ জীৱন
অনিচ্ছা কৃত ভাৱে জীয়াই থকাজনীয়েই তাই।
সংসাৰৰ নিয়ম সাদৰৰে
মানি নিজ কৰ্ম কৰি যোৱাজনেই তাই।।
তাইক মৰিব নিদিবা
জীয়াই থাকিবলৈ সুবিধা দিয়া।
অভিশাপ নাভাবিবা
আৰ্শীবাদ ভাবি আকোঁৱালি লোৱা।।


0 Comments