মই দেখা পৃথিৱীখন

 মই দেখা পৃথিৱীখন


Moi_dekha_prithivi_khon



মই দেখা ধৰণেৰে যদি

পৃথিৱীখন হয়।

তৰা ভৰা আকাশত সদায়

জোনাক নামিল হয়।


মনে বিচৰা সকলোবোৰ

কাষত আহিল হয়।

বেয়া চিন্তা-চৰ্চা বোৰ

আঁতৰতে গল হৈ বয়।


খেল ধেমালি কৰি সদায়

মুখত হাঁহি থাকিল হয়।

দুখ-ভাগৰ সকলোবোৰ

জানি বুজি হেৰোৱালোঁ হয়।


ভাল লগা মানুহ কেইজন

কাষতে থাকিল হয়।

বিনা মেঘে বজ্ৰপাত

কেতিয়াও ন-গৰজিলে হয়।


চেষ্টা কৰা কাম এটা

সফল হ'লো হয়।

কোনোবাই কাৰোবাৰ প্ৰাপ্য

কেতিয়াও নাকাঢ়িলে হয়!


Post a Comment

0 Comments