অপেক্ষা
![]() |
| Apekhya_an_assamese_poem |
তোমাৰ অপেক্ষাত
আছোঁ ৰখি মই
কৃষ্ণচূড়া গছৰ তলত,
দেহ কপোৱা শীতত,
নিয়ৰ পৰা আবেলিত,
চাই আছোঁ জুমি জুমি তোমালৈ।
ইফালৰ পৰা সিফাললৈ,
তোমাক দেখো বুলি
চাই আছোঁ মই।
মন আছে মোৰ,
তোমাক নিজৰ
জীৱন বাটৰ লগৰী কৰি
গোটেই জীৱন কটাবলৈ।
কিন্তু নাই! আজি নাই,
তোমাক নেদেখিলোঁ।
ইচ্ছা আছিল তোমাৰ
নামটো জানিবলৈ।
ওচৰৰ পৰা
তোমাক চাবলৈ ।
মন আছিল আবেগৰ
জোৱাৰ খনক
এক গভীৰ অনূভৱ দিবলৈ।
ৰই আছোঁ মই, আজিও
সেই কৃষ্ণচূড়া গছৰ তলত
তোমাক আকৌ এবাৰ চাবলৈ।


0 Comments