মই যোৱা পথটো

 মই যোৱা পথটো


Moi_jua_pothtu_assamese_poem



মই যোৱা পথটো

আনন্দময়ী আছিল ,

চাৰিওফালে সেউজীয়া পাতেৰে

আৱৰা গছ গছনি আছিল ।


ৰঙা নীলা কমলা ৰঙৰ

ফুল ফুলিছিল ,

চৰাইবোৰেও সুৰীয়া 

সুৰেৰে মাত মাতিছিল ।


ৰ'দে সদায় ইয়াতেই 

লুকা-ভাকু খেলিছিল,

এঠাইত যদি ৰ'দ, এঠাইত ছাঁ এ

স্থান গ্ৰহণ কৰিছিল।


ঠাল ঠেঙুলিত ফুলে ফলে

ঠাইখিনিৰ সৌন্দৰ্য্যতা বঢ়াইছিল,

দেখিলেই ঠাইদখৰ এৰি

যাবলৈ মনে নামানিছিল।


কিন্তু এতিয়া সেই পথটোত

আধুনিকতাৰ  ধুমুহা আহিলে,

লগে লগে ইয়াৰ গছ-গছনিবোৰক

কাটি শেষ কৰিলে।


ঠাইখিনিৰ সৌন্দৰ্য্যতা 

সকলো শেষ কৰিলে,

ইয়াত থকা নানাৰঙী চৰাইবোৰেও 

নিজৰ ঠাই এৰিলে।

Post a Comment

0 Comments