Title : পুনৰ এবাৰ ফুল ফুলিব
![]() |
| Punor_ebar_ful_fulibo_Assamese_poem |
পুনৰ এবাৰ ফুল ফুলিব,
সেই ফুলৰ গোন্ধত মোহ আহিব,
ভোমোৰা এজাক কাষ চাপিব,
ৰঙে ৰূপে সব আকৌ জিলিকিব।
হালে জালে কৰি বতাহ আহিব,
বতাহত ফুলে পুনৰ নাচিব,
সেই নাচোনত সুখ বিয়পিব ,
পুনৰ এবাৰ ফুল ফুলিব ।
নব নব বহাগ আকৌ আহিব,
কুলিয়ে সুহুৰি আকৌ বজাব,
আশাৰ পথাৰখন ভৰি পৰিব,
সেউজীয়া ৰঙেৰে সজি পৰিব।
প্ৰেমৰ নদীখন পুনৰ বৈ যাব,
বৈ বৈ আকৌ মৰম বিলাব,
সেই মৰমত পুনৰ জী উঠিব,
পুনৰ এবাৰ ফুল ফুলিব।


0 Comments