এপাহ অৰ্দ্ধ মৃত গোলাপৰ কাহিনী
![]() |
| Epah_ordho_mrito_gulapor_kahini |
এপাহ অৰ্দ্ধ মৃত গোলাপ
যাৰ ঠাল-ঠেঙুলিৰ পৰা শিপালৈ
সকলোখিনিয়েই আছে
কিন্তু অৰ্ধ মৃত অৱস্থাত ।
পানীৰ বাবে সেইপাহ ফুলে
হাহাকাৰ কৰিছে
প্ৰষৰ ৰ'দত থিয় হৈ
সি তাৰ দীঘলীয়া জীৱনৰ
অৰ্দ্ধ জীৱন অতিবাহিত কৰিয়েই
ভাগৰি পৰিছে।
তাক লাগে মাথো পানী
আৰু অলপ পানী....
সেই গোলাপ পাহে
ঈশ্বৰকে কৈছে,
"মোক কিহৰ শাস্তি দিছে?"
মৌ মাখি - ভোমোৰাইয়ো
সেই গোলাপৰ ৰূপ দেখি
কাষ চাপিবলৈ
ভয় কৰিছে।
তেনেতে সেই গোলাপপাহত
আকাশৰ পৰা দুই তিনি টোপাল
বৰষুণ পৰিছে,
সি উল্লাহত শালিব ধৰিছিলে হে
কিন্তু....
সেই বৰষুণ জাকৰ লগত অহা
সেই প্ৰচণ্ড ধুমুহাজাকে
তাক চিৰদিনৰ বাবে
উৰুৱাই নিলে ।
এই কবিতাটোৰ ভিতৰৰ অৰ্থটো যদি বুজি পায়, তেতিয়া হ'লে এই কবিতাটো মই সফল হোৱা বুলি ভাবিম।


0 Comments