মোৰ বাবে যদি

মোৰ বাবে যদি

Mur babe jodi



মোৰ বাবে যদি তুমি সাগৰ হোৱা 

দিবানে মোক তাত ডুবিবলে,

ঢৌৰ লহৰত লৈ আহিবা মোক

সাগৰৰ পাৰৰ কিনাৰলে।


মোৰ বাবে তুমি যদি বেলি হোৱা

পাৰিবা নে মোক এৰি মাৰ যাবলে,

তোমাক নেদেখাৰ বেজাৰতে

ম‌ই পাৰ কৰিম উৰে নিশা কিদৰে।


মোৰ বাবে তুমি যদি ফুল হোৱা 

দিবানে মোক ৰস শুহিবলে,

ভোমোৰাৰ দৰে আহি থাকিম ম‌ই

তোমাৰেই দুৱাৰ দলিছাতে।


মোৰ বাবে তুমি যদি আকাশ হোৱা

পাৰিবানে ডাৱৰৰ লগত সংঘাত কৰিবলে,

সেই উত্তেজিত বিজুলীয়ে সংকেট দিব

তোমাৰ মোৰ সঁচা ভালপোৱাকে ।


মোৰ বাবে যদি তুমি উশাহ হোৱা

জানিবা তোমাৰ বাবে থকা মৰমৰ পৰিমাণ ,

শৰীৰৰ প্ৰতিটো কোণতে যে তুমি আছা

পাবা তুমি মোৰ হৃদয়ত প্ৰমাণ।


মোৰ বাবে তুমি যদি সপোন হোৱা

দেখিম সেই সপোন চিৰজীৱন ,

চকু মেলিবলৈও মন নাযাব মোৰ

কিজানিবা তোমাক হেৰাই যাওঁ নিজানত।



Post a Comment

0 Comments