উদাসীন হেঁপাহ
![]() |
| Udakhin_hepah |
উদাসীন হেঁপাহেও আজি কি কথা কয়।
যাযাবৰী মোৰ মন আজি উৰি গ'ল ক'লৈ ।।
চিনাকি পথটো আজি অচিনাকী হ'ল ।
ফুল ফুলা গছজোপাও কেনেকে মৰহি গ'ল ।।
চাওঁতে চাওঁতে আজি সকলো শেষ হ'ল।
বিষাদৰ ধুমুহা টি আহি সকলো শেষ কৰি থৈ গ'ল।।
আজি সেই বৰষুণজাকেও কান্দিব ধৰিছে।
শীতৰ সেমেকা যেন বতৰটো কৰিছে।।
সকলো যেন আজি বিৰক্তিকৰ হৈছে।
হেৰুৱা অতীতৰ দিশে মনটো বহিছে।।
সপোনবোৰ আঁতৰি গ'ল ।
ক'তেনো থমকি ৰ'ল।।
বিচাৰি পোৱা নাই আজি,
এনে সপোনকে।
প্ৰিয়বোৰ হেৰুৱাই গ'লে,
নাহে দোনাই আগলে।।
আজি যেন বতাহেও
সুহুৰি মাৰিবলৈ পাহৰিলে।
আজি যেন নীৰৱত থকা বেলিয়েও
ডাৱৰত, বাটটি হেৰালে।
এনেকুৱা এটা পল যে আহিব পাৰে
এয়া চাগে সবৰে বাবে
এক অকল্পনীয় ভাৱনা।
এতিয়া যে বিচাৰিলেও
পাব লৈ নাই, তাৰেই এক বিচ্ছেদতা।
সকলো শেষ হৈ গ'ল...
সকলো শেষ হৈ গ'ল ...
"প্ৰিয় মামাৰ আকস্মিক মৃত্যুৰ শোকত লিখা এইটো মোৰ কবিতা তথা এটি গীত,"
~ অঙ্কুৰ


0 Comments