সি সেই আলিবাটত ৰৈ আছিল...

 " সি সেই আলিবাটত ৰৈ আছিল.....

কিজানি বা সেই অচিন হাঁহিৰ গৰাকীজনীক দেখা পাই! "




দায়ে সেই আলিবাটেৰে আহি আহি অনিৰ্বাণৰ আমনি লাগিছিল, সেই আলিবাটতো সঁচাকৈ বহুত কেঁচা, মাজে মাজে গাঁত, কিন্তু বতৰটো যিহেতু ফৰকাল সেইবাবে বোকাময় নাছিলে। সেই আলিবাটেৰেই আহিলেই তাৰ মুখৰ ৰঙ কলা হ'বলৈ ধৰে, যেন সি এই আলিবাটটো, তাৰ পূৰ্বতে কৰা কিবা পাপৰ ভোগ আছিলে। এনেতে সি ঘৰ গৈ পালেগৈ।  সি ঘৰ পাইয়ে সদায় তাৰ মৰমৰ গৰু পোৱালীজনীক চাবলৈ যায়। সেই গৰু পোৱালীজনী, তাৰ বহু মৰমৰ। মৰমতে সি তাৰ নাম ৰাখি থৈছে "ৰূপালী"; সেনেকেই অলপ গা হাত বোৰ চাফা কৰি ভাত পানী খাই সি ৰূপালীক চাবলৈ বাহিৰলৈ ওলাই গ'ল। তেনেতে সি এটা বৰ মিঠা মাতেৰে হাঁহি থকা ছোৱালী এজনীৰ মাত শুনিলে। সি সেই মাত শুনাৰ লগে লগে তাৰ গা এ ৰা দি দৌৰি গৈ আলিবাটৰ কাষৰ নলঙাখনৰ ওচৰ পালে। সি গৈ পোৱা মানে ছোৱালীজনী তাৰ ঘৰৰ নলঙাখন অতিক্ৰম কৰিলে, গৈ পাইয়ে সি পাছফালৰ পৰা ছোৱালীজনীক দেখিলে, তাইৰ সেই আলিবাটেৰেই গৈ আছিলে। তাইৰ কলা ঘন দীঘল চুলি, আৰু এযোৰ মাটিয়া ৰঙৰ কাপোৰ, যি তাইক পিছৰ পৰাই বহুত ধুনীয়া দেখিছিলে। তাইক পিছ ফালৰ পৰাই দেখাৰ লগে লগে এটি মিঠা বতাহে দুয়োৰ মাজৰ দূৰত্বটো নিৰ্দ্ধাৰণ কৰিলে। লাহে লাহে আবেলি হ'বলৈ ধৰিলে। সি তথাপিও সেই নলঙাৰ কাষতে ৰ‌ই থাকিল, কিজানিবা আকৌ এইফালেদিয়ে ঘুৰি আহেই। লাহেকে আকাশখনো নীলাৰ পৰা ৰঙা আৰু ৰঙাৰ পৰা কলা হ'বলৈ আৰম্ভ কৰিলে। তাৰ মন যেন প্ৰথম বাৰৰ বাবে সেই আলিবাটটোৰ ফালেই আছিল। সি সেই ছোৱালীজনীৰেই এটি ছবি আঁকিবলে ধৰিলে, কিন্তু ছবিখন ভাল নহ'ল। সেইবাবে নিজৰ মনৰ পৰা অহা অনুভূতিক লয় সি এটা কবিতা লিখিলে।

"সি সেই আলিবাটত ৰ‌য় আছিল 

কিজানিবা সেই অচিন হাঁহিৰ গৰাকীজনীক দেখা পাই! 

সেই গৰাকীজনীৰ খোজৰ পৰসে 

আলিবাটটোত এক গভীৰ স্থান দি যায়।


মৰমসনা তাইৰ নিভাজ মাতত

আকাশখনেও ৰঙ সলাই।

সেই বাটৰ কাষতে থকা 

নলঙাখনেও আজি বাদ্য বজাই। ..."



(যদি ভাল লাগে কমেণ্ট কৰিব, Continue কৰিম)




Post a Comment

0 Comments