নিয়ৰ সেমেকা গধূলি...
নিয়ৰ সেমেকা গধূলিৰ সৈতে
মোৰ যি অনুভৱ,
সেই অনুভৱৰ লগত
জড়িত হৈ আছে
মোৰ এক সুমধুৰ অতীত।
শীতৰ সেমেকা ৰাতিত,
জুইৰ শীখাৰ কাষত,
এজনী ছোৱালী আহিছিল
ৰঙা চৌল এখন লৈ
মোৰ নিলগত।
তাইৰ কাজলি চকুৰে
বেকাকে চোৱা সেই
চাৱনিৰে সৰিছিল
ৰঙ বিৰঙৰ শৰতৰ ফুল।
মৰমসনা অনুভূতিৰে মই
সাঁচি থৈছোঁ আজিও
সেই মধুৰ স্মৃতিবোৰ।
গভীৰভাৱে প্ৰবাহিত
অনুভৱবোৰে সদায়ে
ৰোমণ্ঠন কৰে
তাইৰ নাম।
এই শৰীৰত
জীয়াই থকালৈ
সদায়ে থাকিব
তাইৰ স্থান।


0 Comments