ম‌ই এখন নদী...

ম‌ই এখন নদী...




ম‌ই এখন নদী

যাও সকলোৰে মাজেৰে বয়,

উলাহেৰে থাকোঁ ম‌ই ওৰে দিন

এটা মুক্ত জীৱন লয়।


ঢৌৰ সোঁতেৰে মই 

আঁকি যাঁও কিছু ছবি।

সেই ছবিত ভাহি উঠে

বিনন্দীয় প্ৰকৃতি।


বেলিৰ প্ৰথম কিৰণত

জিলিকে বুকু মোৰ,

প্ৰাণ পাই উঠে

জীৱ জগতৰ সৌন্দৰ্য্যবোৰ।


কুল কুলাই থকা শব্দ‌ই

আনো সুখৰ খবৰ।

সেই খবৰত লুকাই থাকে

আবেগৰ জোৱাৰ, বহুতৰ।


সেয়ে, ম‌ই এখন নদী

যাৰ নিজা ঘৰ বাৰী নাই।

কিন্তু যলৈ বয় যাওঁ

 সেই সকলোৱেই মোৰ ঠাই।

Post a Comment

0 Comments