মোৰ জীৱন ...

মোৰ জীৱন ...




মোৰ জীৱন নামৰ কবিতাটোত

তোমাৰ অনুপ্ৰবেশে,

মোক এক নতুন সপোন গঢ়াত

 বাধ্য কৰিছে।

তোমাৰ জিলমিলিয়া হাঁহিটিৰ পৰা,

 এক খন্তেকীয়া ৰশ্মি,

মোৰ মুখত আহি পৰিছে।

এটি হেঁপাহেৰে ৰয় থকা

চকুৰ চাৱনিয়ে,

আজি মোক শুবলৈ বাধা দিছে।

কাষত আহি ৰয় মোৰ

চকুত চকু থৈ চোৱা তুমি, 

যেন আজি এপাহ গোলাপ হৈ 

মোৰ বুকুত ফুলিছা।

একেটা হাঁহিতেই যেন ক'ব নোৱাৰা

কথাবোৰ কেনেকে কম বুলি ৰয়

থকা আজি ভাৱটিয়ে, 

প্ৰকাশ কৰিছে,

মোৰ এটি মিঠা বিৱৰণ,

এই কবিতাৰ ৰূপত

তোমালৈ বুলি,

ইতি

তোমাৰ মৰমৰ.....

Post a Comment

0 Comments