মাদকতা
কেতিয়াবা কিছুমান সপোন,
সফল নোহোৱাৰ বেদনা,
কেতিয়াবা আকৌ প্ৰশান্তিৰে থৰ লাগি ৰৈ,
আপোনজনৰ চকুলৈ চোৱাও যেন এক মাদকতা,
চকুজুৰিৰ মৰম মৰম যেন লগা এটি অনুভূতিক,
সাদৰেৰে আদৰাই এটি শৰাইত থৈ,
নিভাজ হোৱাও যেন এটি,
সজীৱ কাহিনীৰ বাখ্যান।
এটি অন্তৰা,
যাৰ প্ৰতিতো শাৰীতে,
লুকাই আছে অনুভৱ,
অনুভূতিৰ;
জীৱনৰ বুকুত ওমলা
এটি ৰামধেনুৰ দলিছাত
বিলীন হৈ,
ৰঙেৰে উপচিচে যেন আশাবোৰ।
হিয়াভৰা আৱেগৰ সোঁতত,
ববলৈ আৰম্ভ কৰা মৰমবোৰে,
যাব বিচাৰে শৰীৰৰ প্ৰতিটো কোণত,
মন্দিৰ সাজিবলে।
বতাহ হৈ সপোনৰ মায়াবিনী নিশাত,
ওচৰ চাপি আহি সাবতি ধৰি যি স্পৰ্শত
ৰজন জনাই শৰীৰটো,
সেয়াই যেন
এটি
ভাল লগা প্ৰশ্নৰ উত্তৰ ।
এটি পখিলাৰ দৰে
উৰি আহি অন্তৰত পৰি,
যি এক অবুজ ভাৱনা দি থৈ যায়
তাৰেই সোঁৱৰণত যেন প্ৰতিদিন আৰু ৰাতি।


0 Comments