স্মৃতিত তোমাক

 



নিশাৰ আকাশ খনলৈ চালোঁ

কিজানি তোমাকেই দেখো

তোমাক নেদেখিলেও দেখা

সেই জোনটোৱে তোমাৰ খবৰ দিলে।


মন যায় এইখন পৃথিৱীৰ পৰা আঁতৰিবলৈ

কিন্তু ইয়াৰ আঁৰত লুকাই থকা

সেই দুখ কষ্টবোৰ মোহাৰি

আঁতৰি আহো কিদৰে ।।


মোৰ সাহস হৈ তুমি

তোমাৰ পৰা মই উৎসাহ পাওঁ

তুমি জীয়াই থাকিবা আজীৱন

মোৰ হৃদয়ত চিৰদিনৰ বাবে।


মূহুৰ্তবোৰ কেনেদৰে সলনি হয় চোৱাচোন 

ক'ত দিন পাৰ কৰিলোঁ

তোমাৰ অবিহনে, 

কিন্তু তোমাৰ সেই স্থান

এতিয়াও আছে সেইদৰে।।


সঠিক সময়ৰ অপেক্ষাত মই 

ৰয় আছোঁ,

আহিব সেইটো দিন দেউতা

যেতিয়া গৌৰৱ কৰিব আপুনিও,

দেখুৱাম মইয়ো মোৰ প্ৰমাণ 

মোৰ নিজা পৰিচয়ৰে ।


আজি তোমাৰ মৃত্যু বাৰ্ষিকী

তোমাৰ সেই অন্তিমটো দিন।

আমাৰ বাবে এক অভিশাপ আছিল,

আশীৰ্বাদ কৰিবা আমাক

আমাৰ আগন্তুক দিনবোৰলে ।।

Post a Comment

0 Comments