বুকুত ফুলা পদুম

বুকুত ফুলা পদুম

Bukut_fula_podum


তোমাক লগ পোৱাৰ পৰা

মোৰ বুকুত পদুম ফুলিছে।

সেই পদুমৰ বিভিন্ন ৰঙেৰে

মোৰ হৃদয় ৰঙীন হৈছে ।।


বোকাত ফুলা পদুমপাহে,

আজি বুকুত উমলিছে।

সিৰে সিৰে বৈ যোৱা তেজ আজি

গুলপীয়া ৰঙেৰে উপচিচে।



তৃপ্ত মোৰ মন আজি

পখিলাৰ দৰে উৰিছে।

উৰি উৰি গোটেই জগতত 

প্ৰেমৰ মায়াত নাচিছে।



সেউজীয়া পাতবোৰো 

আজি গুলপীয়া হৈছে,

ফাগুন ন পাওতেই 

সকলোবোৰ গুলপীয়াৰ 

দেশত সাজি উঠিছে।


আজি সূৰুযেও 

গুলপীয়া ৰঙেৰে

কিৰণ বিয়পাইছে,

কিৰণত ফাটমেলা 

ডাৱৰৰ আকাশখনো 

সেই ৰঙেৰেই ভৰিছে।


এতিয়া সেই 

গুলপীয়া ৰঙৰ পদুম পাহ

মোৰ প্ৰিয়,

আৰু প্ৰিয় যদি কোনোবা আছে,

সেয়া তোমাৰ বাদে

নহয় কোনো দ্বিতীয় ।

Post a Comment

0 Comments