এটি কাহিনী

Mur hokolu ase kintu eku e nai


মৌনতাৰ সংগীৰ লগত

এটি ক্ষণত বহি

ম‌ই মোক দেখোঁ

এটি অসহায় ৰূপে।


মুখ থাকিও যি

 নাজানে কথা ক'ব,

চকু থাকিও যি

দেখা নাপাই,

মগজু থাকিও যি 

স্মৃতি হেৰাই।


এনে কিছু গুণৰ অধিকাৰী ম‌ই

এটি ধূলিকণাৰ বাদে নো হৈ কি?

নিকৃষ্ট ফলৰ উন্মাদপ্ৰায় ম‌ই

প্ৰতিক্ষণতে হেৰুৱাইছোঁ আস্থা, প্ৰতিষ্ঠা ।


বৰ্ণিল আকাশৰ বৰ্ণনাত আৱদ্ধ হয়,

মোৰ বিকৃত বুদ্ধিৰ ব্যৱধান পাহৰি

বিচাৰি যাওঁ নিৰৱতাৰ সন্ধানত।


বৰ্তমানৰ পৃথিৱীখনক ৰঙীন চাদৰে সনা 

মানুহবোৰলে চালে খঙ উপচে,

এনে ঠাইত এজন যদি পাগলৰ মৰ্যদা আছে, 

কিন্তু জ্ঞানীৰ মৰ্যদা নাই।


সেয়ে মই নীৰৱ নিশাৰ অন্তৰালত 

বিচৰণ কৰা এজন ব্যক্তি মাত্ৰ;

যাৰ নিজৰ বুলিবলে

 সকলো আছে

 কিন্তু একোৱেই নাই।

Post a Comment

0 Comments