স্মৃতিৰ এখিলা পাত



 ছন্দ পৰা

মোৰ ভাৱবোৰ এতিয়া 

যেন কোনো ফৰকাল বতৰৰ উন্মোক্ত নিশাৰ

পানীৰ বাবে ৰয় থকা

এজোপা গছৰ কোনো এটা অংশৰ দৰেহে ।

যাৰ মৃতপ্ৰায় অৱস্থাই হেপাহ আমোদ পাহৰি

ৰয় গৈছে সেই অন্তিমটো ক্ষণৰ অপেক্ষাত।

সেই গছজোপা যাৰ গাত

 কেতিয়াবা নাহৰ ফুলিছিল।

সেই গছজোপা যাৰ গাত 

কেতিয়াবা চৰাইয়ে বাঁহ সাজিছিল।

সেই গছজোপা যাৰ গাত 

কেতিয়াবা ছায়াৰ বাবে মানুহে

ক্ষন্তেক জিৰণী লৈছিল।

মনৰ আক্ষেপ থাকিও যি জোপা

গছে ব্যক্ত নকৰিলে একো কথা,

নিজৰ অংশ কাট খোৱাৰ বিষতো

যিয়ে নিস্তব্ধতাৰ মাজতে সহ্য কৰিলে ।

এনে এজোপা গছে তথাপিও 

বসন্তত কুঁহিপাত মেলিবলে নাপাহৰিলে।

আৰু এনেকৈয়ে যেন জীৱনৰ

সেউজী চাদৰখন আৱৰি ৰাখিছে গছজোপাই।

আজি সেইজোপা গছৰ আপোন বুলিবলে

কেৱল স্মৃতি হে জীয়াই আছে,

বাকীবোৰ যেন লাহে লাহে,

ধীৰে ধীৰে খহিবলৈ ধৰিছে।

আজি এনে গছবোৰেই মোক

স্মৃতিৰ লগত জীয়াবলে শিকালে।

Post a Comment

0 Comments