' কিছু ' কথা
কিছু কবিতা,
যাৰ ছন্দত লুকাই থাকে,
বহুতৰ মনৰ কথা।
কিছু ছবি,
যাৰ নিভাজ ৰঙত
উজ্জ্বলে ছবিৰ মনোভাৱ।
কিছু সাজ পোচাক,
যি এক বিশেষ দিনৰ বাবে
সাজু হৈ থাকে।
কিছু স্মৃতি আজিৰ,
যি ভবিষ্যতত গঢ় লৈ উঠিব
অতীত হৈ।
কিছু কাহিনী,
যি প্ৰকাশ কৰিলে শেষ হয়,
আৰু প্ৰকাশ নকৰিলে
আজীৱন আধৰুৱা হৈ ৰয় যায়।
কিছু পোহৰ,
যি অন্ধকাৰৰ নিশাত
পথৰ বাট মোকলাই।
আৰু কিছু শেষ শাৰী,
যি সৃষ্টি হয় অন্ত কৰিবলৈ,
কিন্তু হৈ ৰয় আৰম্ভণিৰ।


0 Comments