অকল জানো দুটি নয়নেৰেই
মানুহে চাব পাৰে
এই পৃথিৱী?
মইটো নাভাৱো —
এই পৃথিৱী চাবলৈ
কেৱলমাত্ৰ এযোৰ
নয়নৰ প্ৰয়োজন আছে!
কাৰোবাৰ শব্দৰ মাজত
বৈ অহা অনুভৱবোৰেও
এই পৃথিৱীখনৰ সৌন্দৰ্যতাক
উপভোগ কৰিব পাৰি।
কাৰোবাৰ হৃদয়ত থকা
কোমল অন্তৰখনেও
পৃথিৱীৰ আভাস দিবলৈ
যথেষ্ট হৈ পৰে।
কাৰোবাৰ কেৱল মাত্ৰ স্পৰ্শয়ো
যঠেষ্ট, এই পৃথিৱীখনৰ
মিঠা সুবাসৰ বাবে।
কাৰোবাক প্ৰতিটো সময়তে
কাষতে পায়ো,
এই পৃথিৱীৰ সুগন্ধি মায়াক
অনুভৱ কৰিব পাৰি।
কাৰোবাৰ মিঠা মাতৰ
কণ্ঠত জিলিকা গীতটো
এই পৃথিৱীৰ বিশালতাক বুজিব পাৰি।
মোৰ দৃষ্টিত —
যদি সেই বিশেষ জন কাষতে থাকে,
তেতিয়া জীৱনৰ প্ৰতিটো ক্ষণ
এক অলেশ সৌন্দৰ্য্যৰ ব্যাখ্যা হ'ব।
লেখক: অংকুৰ দুৱৰা


0 Comments