জোনাক

 



অগণন তৰাৰ মাজত 

এটি জোন হৈ

 জিলিকি থকা আকাশত,

বেলিয়েও জানো 

জোনক আকাশৰ পৰা 

আঁতৰাই ৰাখিব পাৰে?

অলপ সময়ৰ বাবেহে 

দৃশ্যহীন কৰিব পাৰে, 

কিন্তু জোন 

সদায় সুকীয়া, 

জোনাক সুকীয়া। 

 জোনৰ মিঠা পোহৰে

মন পাতল কৰে,

 কিন্তু জোন নাথাকিলে 

আকাশখনো আধৰুৱা যেন হে লাগে।

অকলশৰীয়া হৈ আকাশত থাকি 

সকলোৰে হৃদয়ত চাপ দি যোৱা

সেই জোন হ'বলে মন।

অগণন তৰাৰ মাজত

নিজক প্ৰতিষ্ঠা কৰা সেই জোন হৈ

জিলিকি থাকিবৰ মন,

চিৰদিনৰ বাবে।

Post a Comment

0 Comments