মোৰ জীৱনৰ আলিবাট
মোৰ প্ৰকাশিত শব্দত,
গুজৰি গোমৰি উঠা
বাক্যত,
মোৰ অনুভৱৰ গাঁঠাবোৰে,
চিয়ৰি চিয়ৰি ওলাই আহিব বিচাৰে,
শৰীৰৰ পৰা,
মুক্ত আকাশৰ তললৈ,
নিজক শীতল কৰিবলৈ ।
কণ্ঠবোৰত নিগৰিত হোৱা,
সেই প্ৰাণৰ স্পন্দনবোৰে,
জীৱনৰ আলিবাটত বহি,
অতি সহজেই বহুটো কথা
লুকুৱাই ৰাখে ।
জীৱনৰ শেষ সন্ধিয়াটো,
প্ৰভাতৰ প্ৰথম কিৰণত,
শৰীৰে গুণ গুণাব খোজে,
নিজৰ মহৎ চিন্তাবোৰক।
থাকি যোৱা সপোনবোৰ পূৰ্ণ
নোহোৱাৰ বেদনায়ো,
ক'ব খুজিছে,
নিজৰ ব্যৰ্থতাৰ কথা,
চকুলুৰে।
শৰীৰটিত থকা আত্মায়ো,
আজি তৰপিছে,
শৰীৰটিৰ বাবে,
এৰি যাব লগীয়া হোৱাত।
জীৱনক পৰিচালিত কৰা,
এনে নিয়মৰ আইনখনে,
সকলোকে বাধ্য কৰাইছে,
সকলোকে সমানে ৰাখিছে।
সোণালী জীৱনত এনে
অনুভৱ উপলব্ধি কৰি
আজি মই সুখী হৈছোঁ,
কাৰণ আমাৰ সৃষ্টিৰ
আঁৰতো এই প্ৰকৃতি,
আৰু বিনাশৰ আঁৰতো।
English Translation:
The path of my life is
reflected in my written words,
in the sentences that
flow from my heart.
My emotions,
tied up in knots,
yearn to unravel
and emerge from my being,
to find solace
under the open sky.
The vibrations of my soul,
resonating in my voice,
can easily conceal many things
on the path of life.
As the last evening
of life approaches,
my body wants to hum
its own grand thoughts,
in the first light of dawn.
The pain of unfulfilled dreams,
the sorrow of my failures,
wants to be expressed through my tears.
My soul,
which resides within my body,
is now departing,
leaving my body behind.
The laws of nature,
which govern life,
compel everyone to follow
the same path,
treating all equally.
Today, I am happy to have
experienced such feelings in my golden life,
for I have come to realize
that even behind creation,
there is destruction,
and behind destruction,
there is creation.
This poem is written by Ankur Dowarah


0 Comments