জীৱনৰ কেইটামান পল
জীৱনৰ কেইটামান পল
আশাৰ হওক,
য'ত বিজয়ী হয় মোৰ
সপোন নামৰ দলটোৱে ।
যত মোৰ বুকুখন
খালি হোৱাকে মই
হাঁহিব পাৰোঁ।
য'ত বতাহেও মোক
সতেজ কৰিবহি মোৰ প্ৰাণ।
য'ত শান্তিৰে মই শুব পাৰোঁ ,
নিচিন্ত মনেৰে বননীৰ মাজত
দৌৰিব পাৰোঁ ।
নাও এখনত উঠি নীৰৱতাৰে
আকাশখন চাব পাৰোঁ।
বেমাৰৰ ভয় নথকাকে মই
বৰষুণত টিটিব পাৰোঁ,
যি মন যায় খাব পাৰোঁ।
য'ত মন যায় যাব পাৰোঁ ।
সেনেকোৱা এটা পল
পোৱাৰ পিছত,
মই চিৰদিনৰ বাবে বিলীন হ'ব
বিচাৰোঁ সেই পৰিৱেশত।


0 Comments