তুমি মাথোঁ এটি কবিতা নহয়

 তুমি মাথোঁ এটি কবিতা নহয়

Tumi_mathu_eti_kobita_nohoi


তুমি মাথোঁ এটি কবিতা নহয়,

তুমি হয় এটি গান,

তুমি হয় এটি কণ্ঠ,

য'ত বিলীন হ‌ওঁ মই,

তুমি যেন এটি সূক্ষ্ম

নিৰল নিস্তব্ধ বতাহ,

যি স্পৰ্শ কৰে মোক অন্তৰলৈ।

তুমি যেন এটি পোহৰ,

সন্ধান বিচাৰি তোমাৰ,

ওলাই অহা

ম‌ই এটি অমাৱস্যা।

তুমি যেন মনত জগা এটি ভাৱ,

এটি আলিংগন সনা মিঠা সুবাস।

তুমি জিলিকি উঠা প্ৰভাতৰ

প্ৰথম কিৰণ,

তুমি যেন বসন্তত প্ৰাণ পাই জগা

এটি কুমলীয়া কুঁহিপাত।

এয়াই ক'ম তোমাক,

তুমি মাথোঁ এটি কবিতা নহয়,

তুমি,

 মাথোঁ এটি কবিতা নহয়।



Post a Comment

0 Comments