সাহস হোৱা তুমি

 সাহস হোৱা তুমি




সাহস হোৱা তুমি

নিজেই নিজৰ বাবে,

নাৰাখিবা একো আশা

তুমি আনৰ প্ৰতি।


কৰি যোৱা তুমি 

সেই সকলোবোৰ কাম,

যি কৰিলে তুমি পোৱা,

শান্তনা গভীৰ।


কামৰ বোজা হাতত লৈ

থাকিবানো কিমান?

পাৰা যদি অলপ ৰয়

চোৱাচোন এই আকাশ।


এইটো জীৱনকে

সুন্দৰ ভাৱে ৰাখা,

বাহিৰৰ ধুনীয়া

দেখিবলে গ'লে খাবা, 

বেয়াকে লেঠা।


মানুহৰ কৰ্কথনা

বন্ধু সদায়ে পাবা,

জীৱনৰ ৰং চোৱাতো বেলেগৰ,

সদায়ে থাকে আশা।


তেন্তে বন্ধু কিয়,

হ'বলৈ দিয়া বেলেগক সফল ?

ধৰি নাৰাখি এৰি দিবা

এনে কথাবোৰ বেলেগৰ,

আৰু কৰি দিয়া বিফল 

সেই সকলৰ।

Post a Comment

0 Comments