এটি আবেগৰ পদুলিত
ধুমুহাৰ দৰে
আছোঁ নাচি।
শৰতৰে পুৱা
নামি অহা এটি
অমানিশাৰ ৰাতিত
কালজয়ী হ'ল
মোৰ কাহিনী।
মোৰ কাহিনীৰ
আধাৰত
বহু সপোন
থাকি গ'ল,
গুচি গ'ল
মোৰ নিথৰ
দেহটো,
ৰয় গ'ল
জ্বলি ৰোৱা
সেই ছাঁইবোৰ।
মোৰ মনৰ বিশালতাই
মোক পৰিচয় দিলে।
মই নোহোৱা হ'লেও
মোৰ বাবে
কন্দা অশ্ৰুবোৰে
সাগৰ সৃষ্টি দিলে।
গছ ভালপোৱা মই
আজিও আছোঁ
আৰু থাকিম
নাহৰৰ ৰূপত,
মোৰ আইৰ অসমত।
আকৌ সোঁৱৰাম
"মায়াবিনী"
এজন নতুন
জুবিন গাৰ্গ হয়।
আকৌ আহিম মই।
আকৌ আহিম মই।।


0 Comments