কোলাহল মন
যিয়ে নিস্তব্ধতাক বাছি আৱৰি লয়
দুইখন হাতেৰে
ইতিবিন্যাস নথকা এটি সাথৰৰ
মায়াত জাক-জমকতাও যেন
পাহৰিছে।
হাতৰ আঙুলিৰ গাঁঠিবোৰে যেন
থৰথৰকৈ কঁপিছে।
এটি শূন্যতাৰ নিশাত উজাগৰে
কটোৱা সেই জোনৰ দৰে
যেন শিল হৈ পৰি আছে
তাৰ আজি নিষ্ঠুৰ শৰীৰটি।
সেয়া এক অঘৰীৰ কাহিনী নহয়নে?
সেয়া এক অঘৰীৰ কাহিনী নহয়নে!

0 Comments