নিৰিবিলি



​তুমি যেতিয়া

মোৰ জীৱনত

সন্ধ্যা হৈ নামি আহা,


​মোৰ অস্তগামী সূৰুজেও

পুনৰবাৰ

উদয় হ'বলৈ মন মেলে।


​অংকুৰিত মোৰ নতুন সুবাসে

ফুলিব বিচাৰে শৰীৰত;


ৰঙা-বিৰঙী

ফুলৰ মালাৰে

উপচি পৰে

বিশাল মনটো।


​গঢ়ে নতুন নতুন সপোন,

আৰু এই সপোনত থাকে

অজস্ৰ আশা আৰু ভৰসা।


​অমাৱস্যাৰ নিশাৰ অন্ধকাৰত

আকাশে যিদৰে অপেক্ষাত থাকে

পূৰ্ণিমাৰ,


​ঠিক সেইদৰে,

তোমাৰ এটি চাৱনিৰ বাবে

অপেক্ষা কৰি ৰয়

মোৰ এই হৃদয়।


​জোনৰ দৰে জিলিকি থকা

তোমাৰ মুখখনে

এন্ধাৰ আঁতৰাই

বাট দেখুৱায় মোৰ জীৱনৰ।


​এতিয়া কোৱা,

চিৰদিনৰ বাবে

হ'বানে মোৰ

সেই আলোকিত ৰশ্মি?


​নে ৰৈ যাবা

কেৱল এই কবিতাটিৰ

কিছু শাৰীত,

চিৰদিনৰ বাবে?

~Ankur


Happy Valentine's day 🌹

Post a Comment

0 Comments