তুমি যেতিয়া
মোৰ জীৱনত
সন্ধ্যা হৈ নামি আহা,
মোৰ অস্তগামী সূৰুজেও
পুনৰবাৰ
উদয় হ'বলৈ মন মেলে।
অংকুৰিত মোৰ নতুন সুবাসে
ফুলিব বিচাৰে শৰীৰত;
ৰঙা-বিৰঙী
ফুলৰ মালাৰে
উপচি পৰে
বিশাল মনটো।
গঢ়ে নতুন নতুন সপোন,
আৰু এই সপোনত থাকে
অজস্ৰ আশা আৰু ভৰসা।
অমাৱস্যাৰ নিশাৰ অন্ধকাৰত
আকাশে যিদৰে অপেক্ষাত থাকে
পূৰ্ণিমাৰ,
ঠিক সেইদৰে,
তোমাৰ এটি চাৱনিৰ বাবে
অপেক্ষা কৰি ৰয়
মোৰ এই হৃদয়।
জোনৰ দৰে জিলিকি থকা
তোমাৰ মুখখনে
এন্ধাৰ আঁতৰাই
বাট দেখুৱায় মোৰ জীৱনৰ।
এতিয়া কোৱা,
চিৰদিনৰ বাবে
হ'বানে মোৰ
সেই আলোকিত ৰশ্মি?
নে ৰৈ যাবা
কেৱল এই কবিতাটিৰ
কিছু শাৰীত,
চিৰদিনৰ বাবে?
~Ankur
Happy Valentine's day 🌹


0 Comments