কবিতাৰ আঁৰৰ কাহিনী

কবিতাৰ আঁৰৰ কাহিনী




​প্ৰতিটো কবিতাৰ আঁৰত যদি

একোটা কাহিনী সঁচাকৈ থাকে,

তেন্তে সেই কাহিনীৰ আঁৰৰ মানুহজন

জানো কম প্ৰিয় হ’ব পাৰে?

​কিমান আপোন হ’লে জানো

এটি কবিতাৰ সৃষ্টি হ’ব পাৰে?

সেয়া লাগিলে চিনাকি বা অচিনাকিয়েই নহওক—

হৃদয়ৰ কিমান গভীৰত থাকিলে

শব্দবোৰে তেওঁৰ কথা কয়?

​আৰু যদি কেতিয়াবা...

তেওঁ মোৰ সেই কবিতাবোৰ পঢ়ে,

ওঁঠত যদি এটি মিচিকি হাঁহি বিৰিঙে—

আৰু সেই হাঁহিটো যদি মই পোনপটীয়াকৈ দেখা পাওঁ,

তাতকৈ সুখৰ ক্ষণ আৰু কিবা হ’ব পাৰেনে?

অনুভৱী হিয়াই জানো সেই মুহূৰ্ত পাহৰিব পাৰে?

​মোৰ দৃষ্টিত সেই আধৰুৱা প্ৰেমটোৱেই আছিল সফল,

য’ত মই উজাৰি দিছিলোঁ মোৰ নিঃস্বাৰ্থ মৰম।

কেতিয়াবা নোকোৱাকৈয়ে ভাল পাইছিলোঁ—

মাথোঁ আঁতৰি যোৱাৰ ভয়ত!

​এতিয়া চাগে সেয়েহে,

য’তে ত’তে দেখা প্ৰতিটো বস্তুৰ ওপৰতে

কবিতা লিখিবলৈ মন যায়।

কিন্তু এই হাবিয়াস কিমান স্থায়ী,

তাক লৈ মই নিজেই দোমোজাত।

​কাৰণ...

যি হাঁহি চকুৰে দেখি হৃদয়ত অনুভৱ কৰিব পাৰি,

সেই হাঁহিৰ বাবে এশটা কবিতা লিখিলেও যেন কম হ’ব।

কবিতাই সেয়ে আজিও সযতনে সামৰি ৰাখে—

অসংখ্য নোকোৱা কাহিনীৰ নিভাজ পৃথিৱী।

Post a Comment

0 Comments