ধুনীয়া নে ভালপোৱা
বগা ছাল, ওঠত মিচিকিয়া হাঁহি আৰু এটা সৰু তিল, এয়াই নে অকল ধুনীয়া। ধুনীয়াৰ সংজ্ঞা বাহ্যিকতা নে আভ্যন্তৰীণতা। কিমানৰ হৃদয় গলিছে নহয়নে! মোৰ মতে যি দৰে মাধ্যাকৰ্ষণ বল কেন্দ্ৰই আকৰ্ষণ কৰি ৰাখে সকলোকে, ঠিক সেইদৰে ধুনীয়াই আকৰ্ষণ কৰে। যদি সেই মানুহজনৰ লগত সময় কটাই ভাল লাগে, তেওঁৰ ব্যৱহাৰ ভাল সেয়াইটো অনন্ত। কিছুমানৰ ছালটি বগা নহ'বও পাৰে কিন্তু শুৱনি। প্ৰথম অৱস্থাত সৈতো আকৰ্ষিত নহ'ব পাৰে কিন্তু সময়ৰ বুকুত আত্মীয় হৈ পৰে। সেয়াইটো ভালপোৱা। কিছুমানৰ মাতত জীৱন থাকে, ৰূপ বা গুণ নাথাকিব পাৰে কিন্তু সুৰ আছে, কণ্ঠ আছে যাৰ দ্বাৰা নিগৰে অমৃত। এজন অন্ধ লোকে ৰূপ দেখিব জানোঁ, গুণো নেদেখে, দেখে যদি এখন সপোনৰ কল্পনীয় জগত, য'ত সি আৰু সেই কণ্ঠৰ গৰাকী থাকে, সি নাজানে তাই দেখাত কেনেকুৱা তথাপিও সি মনৰ কল্পনাত তাইক দেখে ৰূপহী আৰু গুণৱতীৰ ৰূপত। কিমান শংকা কিমান ব্যৱধান, আছে জানো কাৰোবাৰ ভালপোৱাক আদৰিবলে।
অচিনা সুৰৰ মায়া
বগা ছালৰ উজ্জ্বলতা নহয় মাথোঁ চিন,
মিচিকিয়া হাঁহিৰ তিলটোত জানো হেৰাই ৰাতি-দিন?
ৰূপৰ আকৰ্ষণ মাথোঁ এক ক্ষণিক পল,
যিদৰে টানি ৰাখে পৃথিৱীক মাধ্যাকৰ্ষণ বল।
কিন্তু য’ত মন মিলে, কথাৰ মৌ বৰষে,
অন্ধৰ পৃথিৱীতো য’ত চিনাকি সুৰ এটি জাগে
তাক জানো কেৱল 'ধুনীয়া' বুলিব পাৰি?
সেয়াচোন হৃদয়ৰ পৰা হৃদয়লৈ এক পবিত্ৰ সাৰথি।
গুণৰ শুৱনি চকুৰে দেখা নাযায়,
সিচোন অনুভৱৰ বুকুত লাহেকৈ শিপায়।
কাৰোবাৰ কণ্ঠত যদি জীৱনৰ অমৃত নিগৰে,
ৰূপ নাথাকিলেও সেই সুৰতে জানো সপোন নাজাগে?
ভালপোৱা মানেইতো এক আত্মীয়তাৰ গান,
য’ত ৰূপতকৈও মহীয়ান হয় মানুহৰ প্ৰাণ।


0 Comments