এটি আধালিখা কবিতা
শব্দবোৰে যেতিয়া অৰ্থ হেৰুৱায়,
আৰু কলমটো থমকি ৰয় বগা কাগজৰ বুকুত
তেতিয়াই জন্ম হয় এটি আধালিখা কবিতাৰ।
স্মৃতিৰ দস্তাবেজত কিছুমান পৃষ্ঠা আধৰুৱা,
কিছুমান কথা ক’বলৈ থাকি যায়,
আৰু কিছুমান বিষাদ বুকুত সামৰি
সময়বোৰ পাৰ হৈ যায় নিশব্দে।
নীলা চিয়াহী আৰু বগা কাগজৰ স্পৰ্শত
কিমান কাহিনীৰ তেজ মঙহ গঢ়া হ'ল,
তাৰ হিচাপ চাগে সিহঁতেও ৰখা নাই।
অপূৰ্ণতাৰ মাজতেই থাকে কবিতাৰ পূৰ্ণতা,
চকুৰ পানীৰ বৰষুণজাক পঢ়ুৱৈয়ে নুবুজিলেও
বেদনাৰ সেই জোৱাৰত চাগে শব্দবোৰ পমি যায়।
এই যে আধালিখা অনুভৱবোৰ,
ইহঁতৰ কোনো শেষ নাই, কোনো সমাপ্তি নাই।
কিয়নো জীৱনটোৱেইটো এটি আধালিখা কবিতা
য’ত প্ৰতিটো শব্দই বিচাৰি ফুৰে এক পূৰ্ণতা।


0 Comments