বিন্দু




এটা বিন্দু নহয়নে মই

তোমাৰ গহীন গাম্ভীৰ্যপূৰ্ণ হাঁহি

আৰু তোমাৰ চকুৰ চাৱনি—

কিয় ইমান প্ৰিয় মোৰ?

যেন এন্ধাৰত নমা

কালনিশাৰ প্ৰত্যাশাৰ প্ৰতিলিপি।

জানানে, মই সদায় আহি

আইনাত চাওঁ

নিজক—

মোৰ দূৰৱস্থা দেখি।

নিকটত থাকিও আঁতৰত থকাৰ

অনুভৱ সকলোৱে নুবুজে।

মনৰ স্থিৰতা যে তোমাতেই আদি

আৰু অন্ত হয়—

সেয়া কোনেও নাজানে।

তোমাৰ প্ৰতিভাৰ কদৰ কৰে বহু শিল্পীয়ে,

তোমাৰ শালীনতাত পাগল মই।

মোৰ আত্মাই তোমাক বিচাৰে,

কিন্তু আজি মই বিবশ—

কাৰণ তোমাক মুগ্ধ কৰা সুগন্ধৰ পৰা

আজি আঁতৰত মই।


তুমি মোৰ প্ৰিয় শিল্পী,

তোমাৰ অনুৰাগী মই—

আৰু এজন ক্ষুদ্ৰ ব্যক্তি।

Post a Comment

0 Comments