তুমি ভাবি চোৱা
তুমি ভাবি চোৱা
যদি তুমি মোৰ হোৱা
কিমান ভাল লাগিব আমাৰ।
আকাশৰ পৰা সৰিব
বৰফ ধাৰাষাৰ।
মৰো মৰো হৈ থকা গছজোপাত
মেলিব কুঁহিপাত।
আমাৰ মিলনৰ বাতৰি
কুলিয়ে, সুৰেৰে কৰিব প্ৰচাৰ।
সাতোৰঙী ৰামধেনুৱে
আকাশত মেলিব জোৱাৰ।
মেঘৰ উপস্থিতিত বাজিব
বাজোনৰ প্ৰবাহ।
ৰদালিৰ কিৰণে পুৱা
দিব আমাক আৰ্শীবাদ।
সেই দেখি বাৰীৰ গছকেইজোপাই
কৰিব ফলৰ উজান।
ঘৰৰ পৰা বিদাই লোৱাৰ বেদনাত
শৰীৰ তৃপ্ত হৈ, কান্দিবা তুমি বেজাৰত।
সেই কান্দোনে কঢ়িয়াই আনিব
বৰষুণ এজাক, ফৰকাল বতৰত।
এতিয়া কোৱা, হ'বানে মোৰ তুমি?
ইতি,
তোমাৰ অপেক্ষাত থকা সেই
' অঙ্কুৰ ' নামৰ কবিগৰাকী ।


2 Comments
Bohut dhunia likhisa
ReplyDeleteধন্যবাদ
Delete